ৰহা, ১১ এপ্ৰিলঃ ৰহাৰ সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি, অধ্যয়নপ্ৰিয় কালিকান্ত হাজৰিকা আজি পুৱা  ৯০ বছৰ বয়সত দেহাৱসান ঘটে। ৰহাৰ প্ৰায় সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হাজৰিকা অসম সাহিত্য সভাৰ আজীৱন সদস্য , অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য , সদৌ অসম গোপাল দেউ সমাজৰ আজীৱন সদস্য, নগাঁও জিলা চৰকাৰী পেন্সনাৰ সন্থাৰ সদস্য ,ৰহা জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্য ,ৰহা শংকৰ মন্দিৰৰ পৃষ্ঠপোষক, মোলানকটা কাংসপাৰ সত্ৰ তথা ৰহা মজলিয়া বিদ্যালয়ৰ লগত সক্ৰিয় ভাৱে জড়িত আছিল । তেখেতৰ মৃত্যুত ৰহা আঞ্চলিক ছাত্ৰ সন্থা, বিভিন্ন দল সংগঠন আৰু বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰে।