আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৬ নৱেম্বৰ

দলীয় পতাকা আৰু সংবিধান মুকলি কৰাৰ ঠিক পিছতে শুকুৰবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰত অসম জাতীয় পৰিষদ আৰু ইয়াৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ শিৱসাগৰ জিলা সমিতিৰ গঠনৰ উদ্দেশ্যে বিশেষ ৰাজহুৱা সভা তথা যোগদান সমাৰোহ। শিৱসাগৰ নাট্য মন্দিৰত প্ৰাক্তন ছাত্ৰ নেতা উমেশ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা, আহ্বায়ক দ্বয় চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাজু ফুকনৰ লগতে আন বহু ৰাজ্যিক বিষয়ববীয়াই।

অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই ভাষণ প্ৰসংগত কয় যে এইবাৰ অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে অসমৰ ৰাইজে। অসমৰ ৰাজনীতিৰ ধৰ্মীয় মেৰুকৰণ কৰিবলৈ বিচৰা বিজেপি দলক দিছপুৰৰ গাদীৰ পৰা উৎখাত কৰিব ৰাইজে। ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ আকাশ নীলা হ’ব। অনুষ্ঠানত অসম জাতীয় পৰিষদ দলৰ বক্তা সকলে শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ সহযোগী দল এজিপি’ক ক্ষুৰধাৰ সমালোচনা কৰে। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোদ্ধে শিৱসাগৰত সৰৱ হয় অসম জাতীয় পৰিষদ দলৰ সমন্বয়ক জগদীশ ভূঞা। অসম জাতীয় পৰিষদৰ পতাকাক হিমন্ত বিশ্ব শৰ্মাই লুঙিৰে তুলনা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূঞাই কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টকা আৰু ক্ষমতাই মূৰত ধৰিছে। শালীনতাৰ সকলো সীমা মন্ত্ৰীজনে চেৰাই যোৱা বুলিই মন্তব্য কৰি জগদীশ ভূঞাই নীলা ৰঙৰ ব্যাপকতা হিমন্ত বিশ্ব শৰ্মাই এনে উদ্ভট আচৰণ কৰিছে বুলি কটাক্ষ কৰে।

ভাৰতৰ চৰকাৰী ৰং নীলা বাবেই ৰাষ্ট্ৰীয় পতাকাৰ মাজৰ অশোক চক্ৰৰ ৰং নীলা বুলি কৈ জগদীশ ভূঞাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সকীয়নি দি কয় যে ২০২১ ৰ নিৰ্বাচনত অসমৰ আকাশ, ৰাইজৰ হৃদয় নীলা ৰঙৰে ভৰি পৰিব আৰু ২০৩১ ৰ পিছত ৰাজ্যত গেৰুৱা ৰং অস্তিত্বহীন হৈ পৰিব।