শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৬ জুলাইঃ শিৱসাগৰৰ হাঁ‌হচৰা কুজিবালিত চাহাবুদ্দিন আহমেদ নামৰ ধৃত গাঞ্জা ব্যৱসায়ীক আটক কৰা হয়। শুক্ৰবাৰে স্থানীয় ৰাইজ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আৰক্ষীৰ সহযোগত চাহাবুদ্দিনৰ ঘৰত তালাচী চলাই ২কেজি ৭০০ গ্ৰাম গাঞ্জা জব্দ কৰি ব্যৱসায়ীজনক আটক কৰা হয়। ১বছৰ ধৰি ধৃত গাঞ্জা ব্যৱসায়ীটোৱে গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ লগতে শিমলুগুৰিৰ কেইবাখনো দোকানত গাঞ্জাসমূহ বিক্ৰী কৰি আহিছিল চাহাবুদ্দিনে। এই গাঞ্জা সমূহ নামতোলা পাহাৰৰ পৰা ক্ৰয় কৰি অনা হয় বুলি ধৃত গাঞ্জা ব্যৱসায়ীটোৱে স্বীকাৰ কৰিছে। বৰ্তমান গাঞ্জা ব্যৱসায়ী চাহাবুদ্দিন আহমেদ চেৰেকাপাৰ আৰক্ষীৰ জিম্মাত।