খাৰুপেটীয়া, সংবাদ ৩৬৫, ৬ জুলাইঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত এন,চি,খেতাশ্বৰ গাৱঁত দৰং আৰক্ষীৰ উপ-অধীক্ষক অমিত হোজাইৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যোৱা নিশা এক অভিযান চলাই তীৰৰ বুকী এজনক গ্রেপ্তাৰ কৰি গোচৰ ৰুজু কৰি শুক্ৰবাৰে জেললৈ প্রেৰন কৰে। অভিযানত তীৰ খেলৰ নম্বৰৰ বহী ,নগদ ১১় হাজাৰ টকাসহ ধুলা থানাৰ ১নং মাগুৰমাৰী গাৱঁৰ বাসিন্দা ফজৰ আলী নামৰ তীৰৰ বুকী গৰাকীক গ্রেপ্তাৰ কৰা হয়। কিছুদিন পুৰ্বে দৰং আৰক্ষীৰ উপ-অধীক্ষকে দলগাৱঁৰ পৰাই ৬ জন তীৰ বুকীক গ্রেপ্তাৰ কৰি জেললৈ প্রেৰন কৰিছে যদিওঁ তীৰ খেলৰ লগত জড়িত থকা মালিক পক্ষক আৰক্ষীয়ে গ্রেপ্তাৰৰ পৰিৱৰ্তে মালিক পক্ষৰ লগত মধুৰ সম্পৰ্ক ৰক্ষাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে একাংশ আৰক্ষী প্রশাসনৰ জ্ঞাতসাৰেই দৰঙৰ ধুলা, লটাঘাট, পানবাৰী, আম্বাজচ’ক, শ্যামটিলা, মৌছিঠা, ফকিৰ চকবজাৰ, নেপালীবজাৰ, দৈপামঅফিসবজাৰ,জঙ্গলপাৰা, দলগাওঁ, আৰক্ষী প্রশাসনৰ বেছিমাৰী, বটাবাৰী, কৌপাটি, শিয়ালমাৰী, শ্যামপুৰ, চকতোলা, শিলবডী, খাৰুপেটীয়া, বালুগাওঁ বজাৰ, উল্লেখিত অঞ্চল সমুহত দিনে-নিশাই তীৰ-জুৱা খেল অনুষ্ঠিত হৈ আহিছে। তীৰ-জুৱা বন্ধ কৰিবলৈ দৰং আৰক্ষীৰ অধীক্ষকৰ ওচৰত দাবী জনাইছে দৰং ৰাইজে।