কলগছিয়া,সংবাদ,৩৬৫, ২ মাৰ্চ: তিনি টকীয়া চাউলৰ পাছতেই এইবাৰ ১ টকীয়া চাউল। এইবাৰ ১ টকাতেই উপলব্ধ হৈছে চাউল ।শনিবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ সমবায় সমিতিত অন্ন সুৰক্ষাৰ ১ টকা মূল্যৰ চাউলৰ শুভাৰম্ভণি কৰা হয়।

সৰভোগ সমষ্টিৰ পূব দমকা চকাবাউসী সমবায় সমিতিত এই উপলক্ষে এখন সভাৰ আয়োজন কৰা হয়। সমবায় খনৰ সম্পাদক দশৰথ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মেদা নেচুকা জিলা পৰিষদৰ সদস্যা নমিতা পাটগীৰিয়ে এক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। বক্তব্য প্ৰদানৰ পাছতেই ১ টকা মূল্যৰ চাউল বিতৰণৰ শুভ উদ্বোধন কৰে।

উক্ত অনুষ্ঠানটোত চকচকা ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মনোজ শইকীয়া, কেইবাখনো পঞ্চায়ত প্ৰতিনিধি প্ৰমূখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে ।