গোসাইগাঁও, সংবাদ ৩৬৫, ৭ অক্টোবৰ: শৰৎ মানেই আনন্দ উল্লাস। শৰৎ আগমনৰ লগে লগেই উৎসৱৰ জোৱাৰ। শাৰদীয়া দূৰ্গোৎসৱৰ প্ৰাকক্ষণত সকলোৱে নতুন সাজ পৰিধান কৰে। আৰু এই আগন্তুক শাৰদীয়া দূৰ্গোৎসৱ উপলক্ষ্যে প্ৰতিবছৰৰ দৰে এইবেলিও পশ্চিমবংগ কোচবিহাৰৰ জি আৰ নামৰ বেচৰকাৰী সংস্হা আৰু শ্ৰীৰামপুৰৰ দিশা নামৰ বে-চৰকাৰী সংস্হাটোৱে শ্ৰীৰামপুৰ অঞ্চলটোত থকা দৰিদ্ৰ লোকসকলক শ্ৰীৰামপুৰ দেশবন্ধু ক্লাৱৰ প্ৰেক্ষাগৃহত এখনি সভাৰ আয়োজন কৰি বস্ত্ৰ বিতৰণ কৰা হয়। উক্ত সভাত কোচবিহাৰ জি আৰ নামৰ বেচৰকাৰী সংস্হাটোৰ পৰা অহা সভাপতি বিজয় কুমাৰ সৰকাৰৰ লগতে কৰ্মকৰ্তাসকল আৰু অতিথিসকলক শ্ৰীৰামপুৰ দিশা নামৰ বেচৰকাৰী সংস্হাটোৱে প্ৰথমতে শাৰদীয়া দূৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাই অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। পিছত কোচবিহাৰ জি আৰ বেচৰকাৰী সংস্হা তথা শ্ৰীৰামপুৰ দিশা নামৰ বেচৰকাৰী সংস্হাটোৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা অহা অতি দৰিদ্ৰ লৰা-ছোৱালীক বস্ত্ৰ বিতৰণ কৰাত অঞ্চলটোৰ সচেতন ৰাইজে শ্ৰীৰামপুৰ দিশা নামৰ বেচৰকাৰী সংস্হা আৰু পশ্চিমবংগ কোচবিহাৰ জি আৰ নামৰ বেচৰকাৰী সংস্হাটোক ভূয়সী প্ৰশংসা কৰে।