গুৱাহাটী, সংবাদ ৩৬৫, ৭ অক্টোবৰ: দ্বীপৰ বিলত প্ৰচুৰ পৰিমানৰ মাছ-কাছ আদি মৃত্যু হোৱা পৰিলক্ষিত হৈছে। দেওবাৰে পুৱাই দ্বীপৰ বিলত পৰিলক্ষিত হয় বহু পৰিমানৰ ৰৌ-ভকুৱাকে ধৰি বিভিন্ন প্ৰকাৰৰ মাছৰ মৃতদেহৰ লগতে এটা দুষ্প্ৰাপ্য কাছও। মৃত মাছ আৰু কাষৰ এতিয়ালৈ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পোৱা নাই যদিও ইয়াৰ কাৰণ দ্বীপৰ বিলৰ পানী দূষিত হোৱা বুলি সন্দেহ কৰা হৈছে । কিয়নো দ্বীপৰ বিলত বিভিন্ন প্ৰান্তৰ পৰা আহি জমা হয় নলা-নৰ্দমাৰ লগতে কল-কাৰখানাৰ বৰ্জিত পানী তথা অপদাৰ্থ । চৰকাৰ আৰু প্ৰকৃতি প্ৰেমি সকলইয়াকে লৈ চিন্তিত হৈ পৰিছে। দ্বীপৰ বিলত মাছৰ মৃত্যু এয়াই প্ৰথম নহয় ইয়াৰ আগতেও মৃত্যু হৈছে বিভিন্ন মাছ-কাছৰ লগতে চৰাই-চিৰিকতিৰ । বিধানসভাতো উত্থাপিত হৈছিল দ্বীপৰ বিল সংৰক্ষণৰ কথা কিন্তু দেখা নগ’ল বৰ্তমানলৈ কোনো বিশেষ পদক্ষেপ লোৱা দেখা নগল। এতিয়া প্ৰশ্ন উঠে বৰ্জিত পদাৰ্থ আৰু নলা-নৰ্দমাৰ পানী,জাবৰ-জোথৰ এনেকৈয়ে পৰি থাকিব নেকি দ্বীপৰ বিলত ? চৰকাৰে ৰক্ষা কৰিব নে দ্বীপৰ বিলক ? সেয়া সময়তহে পৰিলক্ষিত হব।