পলাশবাৰী, সংবাদ ৩৬৫, ২২ আগষ্ট: দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰংঙামাটিৰ ৰামপাৰাত এগৰাকী মাতৃয়ে নিজৰ ৪ বছৰীয়া সন্তানক ডিঙি চেপি হত্যা কৰি পিছত চিপ লগাই মাতৃৰো আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মংগলবাৰে নিশা মাতৃ দিপ্তী মালীয়ে নিজৰ কনিষ্ঠ তথা ৪ বছৰীয়া পুত্ৰ দ্বীপ মালীক ডিঙি চেপি হত্যা কৰি পিছত নিজে কোঠাৰ ভিতৰতে চীপ লৈ আত্মহত্যা কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে মাতৃৰ এনে কু কাৰ্য্য ডাঙৰ পুত্ৰই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে । চিঞৰ শুনি ওচৰ- চুবুৰীয়া লোক আহি দুয়োকে মৃত অৱস্থাত দেখা পায় । কিন্তু মাতৃয়ে কিয় এনে পথ বাচি ললে সেয়া স্পষ্ট হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য । বৰ্তমান মাতৃ আৰু পুত্ৰৰ মৃতদেহ পলাশবাৰী থানাত ৰখা হৈছে।