গুৱাহাটী : ২২ সংখ্যক কার্গিল বিজয় দিৱস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মহানগৰীৰ দীঘলীপুখুৰী পাৰত থকা যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে আৰু অনুপ্রৱেশকাৰীৰ কবলৰ পৰা ভাৰতবৰ্ষৰ ভূমি পুনৰুদ্ধাৰ কৰা তথা দেশৰ সুৰক্ষাৰ বাবে প্রাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে কার্গিল বিজয় দিৱস হৈছে ১৯৯৯ চনৰ ৮ মে’ত আৰম্ভ হােৱা আৰু ২৬ জুলাইত সমাপ্ত হােৱা এক সুনিৰ্ধাৰিত অভিযানৰ সফল সমাপ্তি। এই দিনটোতে ভাৰতীয় সেনাই কার্গিলকে ধৰি জম্মু-কাশ্মীৰৰ অন্যান্য সকলাে অধিকৃত অঞ্চলৰ পৰা শত্রুপক্ষ আৰু অনুপ্রৱেশকাৰীসকলক সম্পূৰ্ণৰূপে বিতাৰিত কৰাৰ কথা ঘােষণা কৰিছিল।

এই যুদ্ধত ভাৰতীয় নিৰাপত্তা বাহিনীৰ সৰ্বমুঠ ৬৭৪ গৰাকী যােদ্ধা শহীদ হৈছিল। তাৰ ভিতৰত অসমৰ কেপ্টেইন জিন্টু গগৈ, উদ্ধৱ দাস আৰু নন্দ চান্দ সিনহাই মাতৃভূমিৰ বাবে জীৱন বলিদান দিছিল। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কার্গিল বিজয় দিৱস উপলক্ষে ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সার্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে দেশৰ শত্ৰুসকলৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা বীৰ যােদ্ধাসকললৈ আন্তৰিক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জম্মু কাশ্মীৰৰ সুউচ্চ শিখৰৰ ভূমি পুনৰুদ্ধাৰ আৰু সুৰক্ষিতকৰণৰ বাবে দেশৰ সশস্ত্র বাহিনীয়ে প্রদর্শন কৰা অসীম বীৰত্ব আৰু সর্বোচ্চ ত্যাগৰ প্রতীক হিচাপে উদযাপিত এই অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলােধৰণৰ পদক্ষেপ গ্রহণৰ বাবে অসম চৰকাৰ প্রতিশ্রুতিবদ্ধ। প্রাক্তন সৈনিকসকলৰ কল্যাণাে ৰাজ্য চৰকাৰৰ অন্যতম অগ্রাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে অৱসৰপ্ৰাপ্ত জোৱানসকলৰ কল্যাণৰ বাবে অধিক আঁচনি গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কেপ্টেইন জিন্টু গগৈৰ পিতৃ-মাতৃ টি আৰ গগৈ আৰু দুলু গগৈৰ সৈতেও মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে প্রয়াত জিন্টু গগৈৰ সর্বোচ্চ ত্যাগৰ পৰা অসমৰ মানুহে আজিও অনুপ্ৰেৰণা লাভ কৰি আহিছে।

তেওঁ লগতে কয় যে যুৱ প্ৰজন্মৰ মনত ৰাষ্ট্ৰীয় সেৱাৰ ভাৱনা জাগ্রত কৰাৰ বাবে তেওঁৰ চৰকাৰে ৰাজ্যখনত আৰু চাৰিখন সৈনিক বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰক চৌহদৰ ভিতৰত নির্মিত এক সংগ্রহালয় উদ্বোধন কৰে আৰু ৰাইজৰ সেৱাত উৎসর্গ কৰে। অনুষ্ঠানত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া লেফটেনেন্ট জেনেৰেল পি কে ভৰালী, ৫১ চাব-এৰিয়াৰ জি অ’ চি মেজৰ জেনেৰেল বিকাশ চাইনি, ২১ মাউন্টেইন ডিভিজনৰ ডেপুটী জিঅ’ চি টিপিছ কনচেল, ১৯ উইং, বৰঝাৰৰ কমাণ্ডিং এয়াৰ অফিচাৰ অতুল সাগৰ; সৈনিক কল্যাণ সঞ্চালকালয়, অসমৰ সঞ্চালক এন ডি যােশীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।