বাক্সা, সংবাদ ৩৬৫, ২ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ ফায়াৰিং ৰেঞ্জত সোমবাৰে এক অঘটন সংঘটিত হয়। সেনা বাহিনীয়ে নিয়মীয়া প্ৰশিক্ষণ চলাই থকাৰ মাজতে স্পীণ্টাৰৰ টুকুৰা মুৰত লাগি নিহত হয় এজন যুৱক। জানিব পৰা মতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ হৰতোলা গাঁৱৰ আলবিনাছ তুডুৰ পুত্ৰ ডানিয়াল তুডুৱে কেইজনমান লগৰীয়াৰ সৈতে বাক্সা জিলাৰ পাহাৰপুৰৰ ফায়াৰিং ৰেঞ্জত বোমা-বাৰুদৰ টুকুৰা কঢ়িয়াবলৈ যায়। পাহাৰপুৰৰ ফায়াৰিং ৰেঞ্জত সেই সময়ত সেনা বাহিনীয়ে নিয়মীয়া প্ৰশিক্ষণৰ চলাই থকাত হঠাৎ স্পীণ্টাৰৰ টুকুৰা সেনা বাহিনীৰ প্ৰশিক্ষণ চাই থকা ডানিয়াল তুডু নামৰ যুৱক জনৰ মুৰত আহি পৰাত যুৱকজন মাটিত ঢলি পৰে। স্পীণ্টাৰৰ টুকুৰা লাগি যুৱকজন মাটিত ঢলি পৰাত স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু ৰাইজে যুৱকজনক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে।