হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২ জুলাইঃ আগন্তুক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰতি লক্ষ্য ৰাখি হাটশিঙিমাৰীত সোমবাৰে সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানে দক্ষিণ শালমাৰা-মানকাচৰ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ সমিতিৰ সভাপতি জাহাংগীৰ আলম মণ্ডল আৰু সমিতিৰ কৰ্মকৰ্তা সকল এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। উক্ত আলোচনা মৰ্মে এন আৰ চিলৈ কিছুমান দুষ্ট চক্ৰই বিভিন্ন ধৰণৰ উৰাবাতৰিৰ সৃষ্টি কৰি আছে গতিকে কোনো ধৰণৰ উৰাবাতৰিত ৰাইজক ভোল নাযাবলৈ আহ্বান জনোৱাৰ লগতে এনে দুষ্ট চক্ৰৰ সম্ভেদ পালে প্ৰশাসনক অৱগত কৰিবলৈ অনুৰোধ জনায় সম্পাদক আজিজুল ৰহমানে। ৰহমানৰ ষ্পষ্ট মন্তব্য “মুছলমানৰ পৰিচয়ৰে নহয়, গৰিয়া-মৰিয়া-দেশী পৰিচয়ৰে ইছলাম ধৰ্মী খিলঞ্জীয়া অসমীয়াক চিনাক্তকৰণ কৰক” ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষত ধৰ্মীয় পৰিচয়ৰে কোনো খিলঞ্জীয়া হ’ব নোৱাৰে। অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ গৰিয়া-মৰিয়া-দেশী সকলে কোনো কালে ধৰ্ম পৰিচয়ৰে অসমীয়া জাতিৰ অন্তভূৰ্ক্ত হৈ থকা নাই। অসমত খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে গৰিয়া-মৰিয়া-দেশী সকলৰ জনগোষ্ঠীয় পৰিচয়ৰে চিনাক্তকৰণৰ ব্যৱস্থা কৰক বৰ্তমানৰ চৰকাৰখনে আলোচনা চক্ৰত এইদৰে মন্তব্য প্ৰকাশ কৰে আজিজুল ৰহমানে। আনহাতে আলোচনা চক্ৰ সমাপ্ত কৰি কেন্দ্ৰীয় সদস্য ইমদাদুল ইছলাম মণ্ডল, জিলা সম্পাদক দায়েনুল ইছলাম আকন্দ, ছাহনৱাজ হুছেইন, ৰফিকুল ইছলাম, ছফিজুল ইছলামকে ধৰি পৰিষদৰ বিভিন্ন স্তৰৰ দায়িত্ত্বত থকা কৰ্মকৰ্তা সকলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি আগন্তুক প্ৰকাশ হ’বলগীয়া ৰাষ্ট্ৰীয়  নাগৰিক পঞ্জীৰ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু দিনে নিশাই এন আৰ চিৰ কামত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলক অভিনন্দন আৰু শুভেচ্ছা জনায়।