গুৱাহাটী, ১৩ ছেপ্তেম্বৰঃ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত ১৫ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। চলচিত্ৰ মহোৎসৱত  বিশাল ভাৰদ্বাজ, অভিষেক চৌওবে, গৌৰী সিন্দে, নাগেশ কুকুনুৰ, নাগাৰাজ মজুলে, আদিল হুছেইনৰ দৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন চলচিত্র নির্মাতা, প্রযোজক, চিত্রনাট্যকাৰ আৰু সংগীতকাৰে অংশগ্ৰহণ কৰিব৷ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্রান্তৰ কেবাখনো ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ লগতে মত-বিনিময় অনুষ্ঠান, পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অৱ ইণ্ডিয়াই পৰিচালনা কৰিবলগীয়া চলচিত্ৰৰ ৰসস্বাদন বিষয়ক তিনিদিনীয়া কৰ্মশালা, চলচিত্ৰ কুইজ, আলোচনা চক্ৰ আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব। ফিল্ম ফেষ্টিভেলত এখন চুটি ছবি প্রতিযোগিতাৰো আয়োজন কৰা হ’ব৷ উত্তৰ পূৰ্বাঞ্চলৰ চিত্র নির্মাতাৰ ছবিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কাহিনী/বিষয় লৈ নির্মিত ছবিৰ বাবে মুকলি থকা এই প্রতিযোগিতাত ডেৰশতকৈও অধিক ছবিয়ে অংশ গ্ৰহণ কৰিছে আৰু ইয়াৰে উৎকৃষ্ট ১৫ খন ছবি ফেষ্টিভেলত প্ৰদৰ্শন কৰা হ’ব। শীর্ষস্থান দখল কৰা তিনিখন ছবিৰ নিৰ্মাতাক ২.৫ লাখ নগদ ধনৰ লগতে ৰাষ্ট্রীয় খ্যাতিসম্পন্ন চিত্র-নির্মাতাৰ লগত কাম কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। এই চুটি ছবি প্রতিযোগিতাৰ বিচাৰকমণ্ডলীৰ ভিতৰত আছে অভিজ্ঞ চিত্র-নির্মাতা ড০ সান্তনা বৰদলৈ, সঞ্জীৱ বৰদলৈ, ৰূপা বৰুৱা, ৰীমা কাগতি, ববিতা শৰ্মা আৰু ৰণী লাহিড়ি৷ তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰখ্যাত চলচিত্ৰ মুনিন বৰুৱাক পঞ্চম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল জীৱনজোৰা সাধনা বঁটা সন্মানিত কৰা হ’ব৷ ইয়াৰ পূৰ্বে ২০১৪ বৰ্ষত মনিপুৰৰ অৰবিন্দ শ্যাম শৰ্মা, ২০১৫ত আব্দুল মজিদ আৰু ২০১৬ ত জ্ঞানদা কাকতিক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল জীৱনজোৰা সাধনা বঁটা সন্মানিত কৰা হৈছিল৷