১০ লক্ষাধিক টকাৰ শালকাঠ, কাঠফলা মেচিন, বৃহৎ পৰিমানৰ গাঞ্জাসহ ৫ জনক আটক

সোণতলী, ২০ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী, কাছুমাৰা, আণ্ডাভাংগা, গৰৈমাৰী বিলৰজান, ৰৌমাৰী, চাউৰদিয়া অঞ্চলত বকো আৰু সোণতলী আৰক্ষীয়ে যোৱা নিশা যুটীয়াভাৱে অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা আৰু বহু টকাৰ চোৰাং শালকাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ সোণতলীৰ এই অঞ্চল সমূহত দীৰ্ঘদিনৰে পৰা এচাম অসাধু চোৰাং ব্যৱসায়ীয়ে চোৰাং ভাবে গাঞ্জা আৰু চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছিল৷ যোৱা নিশা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি অতৰ্কিতে অভিযান চলাই প্ৰায় ৫০ কিলো গাঞ্জা আৰু ১০ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে৷ জানিব পৰা মতে পশ্চিম কামৰূপ বন সংমণ্ডল আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চল বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চলৰ পৰা তিনিটাকৈ ম’হৰ গাড়ীৰে শাল কাঠৰ কুণ্ডা সোণতলীলৈ আনি থকা অৱস্থাত অভিযানকাৰী আৰক্ষীৰ দলটোৱে চাউৰদিয়াৰ আতোৱাৰ ৰহমান,  মহচৰাৰ আবুবক্কাৰ ছিদ্দিক আৰু আণ্ডাভাংগা অঞ্চলৰ কিনু বাদসা নামৰ তিনিজন লোকৰ সৈতে কাঠৰ কুণ্ডা সমূহ জব্দ কৰি সোণতলী আৰক্ষী চকীলৈ আনে৷ নিশা প্ৰায় ৯-৩০ বজাত ৰৌমাৰী গাঁৱৰ মামুদ আলী আৰু হুছেন আলীৰ ঘৰত অভিযান চলাই  প্ৰায় ৫০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে মামুদ আলী আৰু হুছেন আলী নামৰ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়৷ সেইদিনাই মাজনিশা চাউৰদিয়া গাঁৱৰ কাঠমিলৰ মালিক শ্বহিদ আলীৰ ঘৰত অভিযান চলাই আৰক্ষী আৰু বন প্ৰাধিকাৰী বিষয়া মৃনাল বৰুৱাই ১০ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হোৱাৰ উপৰি কাঠফলা মিল এটা জব্দ কৰে৷ উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা সোণতলী অঞ্চলত অব্যাহত থকা চোৰাং কাঠ আৰু গাঞ্জা ব্যৱসায়ীক স্থানীয় সোণতলী আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা নাছিল৷ যোৱা নিশা ডি এচ পি কল্যান কুমাৰ পাঠক, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ে সোণতলী আৰক্ষীৰ সহযোগত এক সফল অভিযান চলাই গাঞ্জা, কাঠ আৰু বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷