সোণাপুৰ, ৩০ জুলাইঃ কৃষি বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰী সোনাপুৰৰ কৃষকৰ৷ পানীৰ অভাৱত কৃষি পথাৰ খেতিৰ অনুপযোগী হৈ পৰিছে৷ বিগত কেবাদিন ধৰি সূৰ্যৰ প্ৰখৰ তাপ বৃদ্ধি পোৱাত ধাননি পথাৰ সমূহত বৃহৎ বৃহৎ ফাট মেলিছে৷ সোনাপুৰত তিনিটা জলসিঞ্চন বিভাগৰ প্ৰকল্প আছে যদিও প্ৰকল্প কেইটাৰ পৰা জনসাধাৰণ বৰ্তমান পৰ্যন্ত উপৱকৃত হোৱাত ব্যৰ্থ হৈছে৷ অভিযোগ অনুসৰি, বিভাগটোত কৰ্মচাৰীসকল সপ্তাহত এদিনহে কাৰ্য্যলয়ত উপস্থিত থাকে৷ এই সন্দৰ্ভত স্থানীয়  কৃষকসকলে কেবাবাৰো সোনাপুৰৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছে যদিও বৰ্তমানলৈ কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ সোনাপুৰৰ কৃষকে ৰাজ্য চৰকাৰ তথা জলসিঞ্চন বিভাগক শীঘ্ৰে সোনাপুৰৰ জলসিঞ্চন বিভাগৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ কৃষি পথাৰত পানীৰ যোগান ধৰিবলৈ আহ্বান জনাইছে৷