মুকালমুৱা, ৩০ জুলাইঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত আদাবাৰীত আজি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ মাৰুতি চুইফট আৰু ট্ৰেভেলাৰ মাজত মুখামুখি সংঘৰ্ষত কথমপি প্ৰাণৰক্ষা পৰে কেবাজনো লোকৰ৷ প্ৰাপ্ত তথ্য অনুসৰি, মাৰুতি চুইফটৰ চালকজনে দিন-দুপৰতে সুৰা সেৱন গাড়ী চলোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ এএছ-০১ এফচি৫৮৭৩  নম্বৰ মাৰুতি চুইফটখন সুৰাসক্ত চালকজনে প্ৰায় ২ ঘন্টা ধৰি হাজো-দৌলাশাল ৰাজপথৰ আদাবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে এছ০১ বিচি৪২৩৬ নম্বৰৰ ট্ৰেভেলাৰ খনৰ চালকৰ লগতে পথটোৰ কেবাজনো ট্ৰেভেলাৰৰ চালকক প্ৰহাৰ কৰে৷ সুৰাসক্ত চালকজনে বহু সময় ধৰি ৰাজপথত আতংকৰ সৃষ্টি কৰাত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীক অৱগত কৰে৷ আৰক্ষী ঘটনাস্থলীত উপষ্ঠিত হৈ সুৰাসক্ত চালকজনক আটক কৰে৷