কলগাছিয়া, ৩১ জুলাইঃ বৰপেটাৰ জনীয়াস্থিত ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে এমএলএট্ৰফী (জনীয়া) ২০১৭ ফুটবল প্ৰতিযোগীতাখনৰ। প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। উল্লেখ্য যে, যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে বিধায়ক আব্দুল খালেকৰ তৎপৰতাত পোন প্ৰথম বাৰলৈ জনীয়া সমষ্টি ভিত্তিত এমএলএ ট্ৰফী (জনীয়া) ২০১৭ৰ আয়োজন কৰা হৈছে৷ উদ্ধোধনী খেলখনত কাদং ইয়ং ষ্টাৰ ক্লাৱে জনীয়া আঞ্চলিক ক্ৰীড়া সন্থাক ২:০ গলত পৰাস্ত কৰে৷ বিধায়ক আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে বৰপেটা সমষ্টিৰ বিধায়ক তথা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি গুনীণ দাস, উপায়ুক্ত থানেশ্বৰ মালাকাৰ, জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা আৰু সাংবাদিক বিশ্বজিৎ দাস উপস্থিত থাকে৷