বৰপেটা, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰহাত ডাক বঙলাৰ ওচৰতে থকা পোকালাগি নদীত নিৰুদ্দেশ হয় এজন যুৱক। নিৰুদ্দিষ্ট যুৱক জন ৰহা বড়োপাৰাৰ দেৱেন্দ্ৰ বসুমুতাৰীৰ পুত্ৰ মজুমদাৰ বসুমুতাৰী। উল্লেখ্য যে দেওবাৰে দিনৰ ১১ বজাত পোকালাগি নৈত মজুমদাৰ বসুমুতাৰীসহ তিনি বন্ধুৱে হাল বোৱা ট্রেক্টৰ ধুব আহে। দুই বন্ধুৱে গাড়ীখন ধুই থকা অৱস্থাতে মজুমদাৰ বসুমতাৰী নদীত গা ধুব যায় আৰু গা ধুই থকা সময়তে নদী সাঁতুৰী পাৰ হবলৈ চেষ্টা কৰোঁতে পানীত ডুবি নিৰুদ্দেশ হয় মজুমদাৰ। পাছত দুই বন্ধুৰ হাহাকাৰ লগাত স্থানীয় ৰাইজে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় সৰভোগ আৰক্ষী। বহু সময় উদ্ধাৰ অভিযান চলাই থকাৰ পিছত দিনৰ ২ বজাত এছ ডি আৰ এফ ৰ সজাতি দল ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফৰ লগতে ৰাইজেও চলায় উদ্ধাৰ অভিযান। কিন্তু বৰ্তমানেও সন্ধান পোৱা নাই মজুমদাৰৰ।