বৰপেটা, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কেইবাখনো কৃষিপ্ৰধান অঞ্চল আই-মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত হৈছে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কান্দুলীয়া , গাৰালীপাম , বৰভিঠা , বনঘুগী আদি বহু অঞ্চল বানৰ কবলত পৰাৰ ফলত এলেকা সমূহৰ হাজাৰ হাজাৰ বিঘা শালি ধানখেতি পানীত বুৰ গৈছে । ফলত দৰিদ্ৰ কৃষক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । উল্লেখ্য যে , উক্ত এলেকা সমূহৰ অধিকাংশ কৃষকে এই শালি ধানখেতিৰ ওপৰত নিৰ্ভৰশীল । বহুতে এই খেতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল চলোৱাৰ সপোন দেখে । কিন্তু এইবাৰ পানীত খেতি সমূহ ডুব যোৱাত এক প্ৰকাৰ কৃষক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । উপায়হীন হৈ খেতিয়কে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে স্থানীয় বিধায়ক আব্দুল খালেকৰ সু-দৃষ্টি কামনা কৰিছে গাওঁবাসীয়ে ।