হাউলী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: উন্নয়নৰ নামত ফটা ঢোল বজোৱা বিজেপি চৰকাৰখনে উন্নয়ৰ নামত ফুলজাৰি জ্বলাই ৰাজ্যৰ ৰাস্তা ঘাটৰ অৱস্থা তেনেই দুৰৱস্থালৈ পৰিণত কৰা দেখা গ’ল হাউলী_বেকী” সংযোগী (হাউলী থানা) ৰোডৰ জৰাজীৰ্ণ পথচোৱা। এজাক বৰষুণতে পথটোত একাঠু পানীৰে উপচি পৰে। বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, ৰোগী, কৰ্মচাৰী সকলে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে। উক্ত পথচোৱা মেৰামতিৰ দাবীত মঙ্গলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ হাউলী নগৰ অাঞ্চলিক অামছু সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতি,ৰিক্সা চালক সন্হা,মটৰ শ্ৰমিক ইউনিয়নৰ সহযোগত অনুষ্ঠিত কৰা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি ২ঘণ্টীয়া পথ অৱৰোধ কাৰ্য্যসুচীত প্ৰতিবাদকাৰীয়ে পথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক আমছু কৰ্মী-সদস্য তথা সহযোগী সংগঠন কেইটাৰ সদস্যই অংশগ্ৰহণ কৰা পথ অৱৰোধ কাৰ্যসূচীত তেওঁলোকে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ২ঘণ্টীয়া পথ অৱৰোধ কাৰ্য্যসুচীত হাউলী থানাৰ ওচৰত সমৱেত হোৱা প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে হাউলী বেকী সংযোগী পথ মেৰামতি কৰি যাতায়তৰ বাবে দাবী জনায়। অন্যথা পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।