বৰপেটা, ১০ জানুৱাৰীঃ ভাৰত স্বাধীনৰ পূৰ্ব্বৰে পৰা বৰপেটা জিলাৰ ঢেঙা সমষ্টিৰ কাছুমামাৰা, আণ্ডাভাংগা, কাছিমপুৰ, মহচৰা, শিমুলবাৰী, মৰিচাকান্ধীকে ধৰি প্রায় ৩০ খনতকৈ আধিক গাঁৱৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিছে এখন জৰাজীর্ণ বাহৰ সাকােৰে৷ কণ কণ শিশুৰ লগতে স্কুল কলেজৰ ছাত্র ছাত্রীয়ে দৈনিক বিপদ সংকুল যাতায়ত কৰিবলগী হয় এইখন মৰণফান্ধ সদৃশ বাহঁৰ সাকোৰে। বাৰিষাৰ সময়ত টুলুঙা নাৱৰে যাতায়ত কৰিবলগীয় হয় যদিওঁ খৰালিৰ দিনত কাছুমাৰা বজাৰ সমিতিয়ে ৰাইজৰ যাতায়তৰ বাবে প্ৰতিবছৰে নদীখনৰ ওপৰত বাহৰ সাকো নিৰ্মাণ কৰি দিয়ে৷ অতি দুৰ্ব্বল এইখন সাকোৰে অঞ্চলবাসীয়ে যাতায়ত কৰে যদিও বৃহত্তৰ অঞ্চলটোত থকা কোনো যান বাহন চলাচল কৰিব নোৱাৰে এইখন সাকোৰে ফলত জাৰুৰুকালীন অৱস্থাত এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হবলগা হয় অঞ্চলবাসী। ঠেলা, সাঙি বা ছাইকেলেৰে বিভিন্ন সময়ত কঢ়িৱাবলগীয়া হয় গৰ্ভৱতী মহিলা অথবা সংকটজনক ৰোগীক। কাছুমাৰা বজাৰৰ গাতে লাগি থকা নদীখনৰ ওপৰত এখন পকী দলং নির্মানৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অাবেদন জনোৱাৰ পিছতো কোনো সুফল পোৱা নাই অঞ্চলবীসীয়ে। চাৰিবাবকৈ বিধায়ক হিচাবে নির্বাচিত হৈ দুবাৰকৈ অসম চৰকাৰৰ মন্ত্ৰীৰ দায়িত্বত থকা শুকুৰ আলীক ৰাইজে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই শুকুৰ আলীয়ে এই বুলি অভিযোগ কৰিছে অঞ্চলবাসীয়ে।
বাহৰ সাকোৰ পৰিবৰ্তে এখন পকী দলং নিৰ্মানৰ বাবে অঞ্চলবাসীয়ে সর্বানন্দ সোনােৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক অনুৰোধ জনাইছে।