ৰঙিয়া, ৯ জুনঃ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰঙিয়াত অনুষ্ঠিত মোডি ফেষ্টত অংশগ্ৰহণ কৰে৷ ৰঙিয়াত উপস্থিত হৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী গৰাকীয়ে মোদী চৰকাৰৰ তিনি বছৰৰ আঁচনি সমুহৰ সফল ৰূপায়ণৰ খতিয়ানৰ প্ৰচাৰ কৰে৷ মোডি ফেষ্টত অংশগ্ৰহণ কৰি কিৰেণ ৰিজিজুৱে উগ্ৰপন্থাৰ পথ পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ তেওঁ ভাষণ প্ৰসংগত কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতাৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ব্যাপক হাৰত উগ্ৰপন্থী সমস্যাৰ সৃষ্টি হৈছিল। বৰ্তমান বিজেপি চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থী সমস্যাৰ সমাধানৰ কাৰণে ক্ষিপ্ৰ গতিৰে উন্নয়নত ব্ৰতী হৈছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থাৰ পথ গ্ৰহণ কৰা সকলক হিংসাৰ ৰাস্তা পৰিত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰিজিজুৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে৷