মানিকপুৰ, ৯ জুনঃ বঙাইগাঁও জিলাৰ পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাতিলাদহা বজাৰত থকা আছুৰ কাৰ্যালয়ত এটা শিশু পুথিভঁৰাল উন্মোচন কৰা হয়৷ পাতিলাদহা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত পুথিভঁৰাল উন্মোচনী সভাত ভাষণ দি আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই কয় যে, পুথি আমাৰ পৰম বন্ধু৷ কিতাপ নথকা ঘৰ খিৰকী নথকা কোঠাৰ দৰে। তেওঁ লগতে ৰাজ্য খনৰ অধিকাংশ স্কুল কলেজত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নথকাটো দুখ প্ৰকাশ কৰি কয় ৰজাঘৰীয়াই সস্তীয়া প্ৰচাৰ এৰি সকলো স্কুল কলেজত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিয়োগ কৰিব লাগে। অসমৰ অধিকাংশ মন্ত্ৰী, বিধায়ক, আমোলা সকলে যি দৰে নিজৰ ল’ৰা ছোৱালীক পঢ়োৱাই সকলোকে তেনে সুবিধা কৰি দিবলৈ আহ্বান জনায়। পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অচিন্ত কুমাৰ ৰায়ে পৰিচালনা কৰা সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিৰক জ্যোতি বৰ্মনে পুথিভঁৰালত কিতাপৰ টোপোলা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ মানিকপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰদীপ কুমাৰ শৰ্মা, আছুৰ শিক্ষা সম্পাদক সৰত হাজৰিকা, কেন্দ্ৰীয় কেইবাজনো কৰ্ম কৰ্তাৰ লগতে ছাত্ৰ সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ কৰ্ম কৰ্তা সকলোৰ লগতে কেইবা শতাধিক ৰাইজ ছাত্ৰ ছাত্ৰী উপস্থিত থকে। সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক দেৱানন্দ ৰায়ে।