ৰঙিয়া, ৮ ছেপ্টেম্বৰঃ ৰঙিয়া বন বিভাগ আৰু সীমা শুল্ক বিভাগে অভিযান চলাই এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ কৰাৰ লগতে মুক্তিম মহম্মদ নামৰ অবৈধ বনৰৌ ব্যৱসায়ীক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, মুক্তিম মহম্মদে বনৰৌটো অবৈধভাৱে বিক্ৰীৰ উদ্দেশ্যে আহি ৰঙিয়াৰ এখন হোটেলত বাহৰ পাতি আছিল। ৰঙিয়া বন বিভাগ আৰু সীমা শুল্ক বিভাগে এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ হোটেলত অভিযান চলায়। অভিযানকাৰী দলটোৱে বনৰৌসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। মুক্তিম মহম্মদে দীৰ্ঘদিন ধৰি জীৱ-জন্তুৰ অবৈধ ব্যৱসায়ত লিপ্ত থকা বুলি অভিযানকাৰী দলটোৱে সন্দেহ কৰিছে৷ অভিযানকাৰী দলটোৱে অধিক তথ্যৰ বাবে আটকাধীন যুৱকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।