বঙাইগাও, সংবাদ ৩৬৫, ১৩ জুলাই: ঝালি মাটিৰ গীত বাৰু শুনিছেনে? ঝালি গীত গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ঝালি মাটিৰ গীত হ’ল কোচ ৰাজবংশী সকলৰ এক পৰম্পৰাগত গীত। কোচ ৰাজবংশী আৰু কোচবিহাৰী অথবা কমতাপুৰী বুলিও কোৱা হয়। এই জনগোষ্ঠী হৈছে কোচবিহাৰোদ্ভৱ এক খিলঞ্জীয়া জনগোষ্ঠী। বৰ্তমান নেপালৰ কিছু অঞ্চল, ভাৰতৰ অসম, পশ্চিমবংগ, বাংলাদেশৰ ৰংপুৰ, মেঘালয় ৰাজ্য, বিহাৰৰ কৰিমগঞ্জ আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত কোচ ৰাজবংশী লোক আছে। এই কোচ ৰাজবংশী সকলৰ আছে এক পৰম্পৰাগত ঝালি মাটিৰ গীত। এই ঝালি মাটিৰ গীত মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাৱহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। এই গীতসমূহ আধ্যাত্মিক তত্বমূলক কৰুণ ভক্তিৰসেৰে সমৃদ্ধ। বৰ্তমান পাহৰণিৰ গৰ্ভত এই ঝালি মাটিৰ গীত। বিলুপ্তপ্ৰায় ঝালি মাটিৰ গীত সংৰক্ষণ কৰি ৰখাৰ প্ৰয়াস বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শিঙিমাৰীৰ ডম্বৰুধৰ ৰায়। ‘ঝালি’ অৰ্থাৎ ভোৰতালতকৈ সৰু খুটি তালতকৈ আকাৰত ডাঙৰ কাহেৰে নিৰ্মিত ‘ঘনবাদ্য’। ‘মাটি’ শব্দই।ফোপোলা মৃদংগৰ আকৃতিৰ বাদ্যক বুজায়। ঝালি মাটিৰ গীত বুলিলে উক্ত বাদ্যযন্ত্ৰক সংগত কৰি গোৱা গীতক বুজায়। এসময়ত জিলাখনৰ উত্তৰ শালমাৰা, বটামাৰী আদি অঞ্চলত একো একোটা শিল্পীৰ দলে এই গীতৰ চৰ্চা কৰিছিল। যদিও বৰ্তমান উক্ত শিল্পীৰ দলৰ সদস্যা সকলৰ অনুপস্থিতিত অশীতিপৰ শিল্পী ডম্বৰুধৰ ৰায়ে অকলেই ঝালি গীতৰ চৰ্চা অব্যাহত ৰাখিছে। উল্লেখ্য যে হালধিবাৰীৰ ঝালি মাটিৰ শিল্পীৰ দলে ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত গীত পৰিৱেশন কৰি শ্ৰেষ্ঠদল হিচাপে বিবেচিত হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে। মনকৰিবলগীয়া যে ৰাজস্থানৰ ৰুদালী সম্প্ৰদায়ৰ মৃতকৰ লগত থকা সম্পৰ্কত কল্পনা লাজমীৰ ৰুদালী কথাছবিৰ জৰিয়তে পোহৰলৈ আহিছিল এই ঝালি গীত। পৰিতাপৰ বিষয় যে ঝালি মাটিৰ গীত বৰ্তমান বিলুপ্তপ্ৰায়। কিন্তু ডম্বৰুধৰ ৰায়ে আৰ্থিক দৈন্যতাৰ মাজতো বিলুপ্তপ্ৰায় গীতবোৰক সংৰক্ষণ কৰিছে, অনুশীলন কৰাইছে উঠি অহা প্ৰজন্মক।