সংবাদ ৩৬৫, ১ জুলাইঃ গোৱালপাৰাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা আৰু এজন লোকে কৰুণ মৃত্যুৰ সাৱতিবলগীয়া হোৱা ঘটনাক বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে৷ এই ঘটনাৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰৰ সৃষ্টি হৈছেঃ-

গোৱালপাৰাৰ ঘটনাক গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি দেৱব্ৰত শইকীয়াই গোৱালপাৰাত নিৰিহ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনাই এজন লোকৰ প্ৰাণ লোৱাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। শইকীয়াই প্ৰতিবাদকাৰীৰ ওপৰত পোণপটীয়াকৈ গুলীচালনা কৰাৰ কোনো যুক্তি নাছিল বুলি মন্তব্য কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই ঘটনাৰ ন্যায় বিচাৰিছে৷ শইকীয়াই লগতে নিহত লোকজনৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য দিবলৈ দাবী জনায়৷

তামুলপুৰত এবিএমছুৰ প্ৰতিবাদঃ দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ সহযোগত কালি গোৱালপাৰাৰ খাৰমুজাত সাধাৰন সংখ্যালঘু জনতাৰ ওপৰত আৰক্ষীয়ে নিৰ্বিচাৰ গুলিচালনা কৰা ঘটনাৰ বিৰুদ্ধে তামুলপুৰত এবিএমছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। এবিএমছুৱে গোৱালপাৰাৰ ঘটনাত নিহত য়াকুব আলিৰ পৰিয়ালক ২০ লাখ টকাৰ লগতে আহত সকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

বাক্সাত এবিএমছুৰ প্ৰতিবাদঃ গোৱালপাৰাত আৰক্ষীৰ লাঠিচাৰ্জৰ লগতে গুলীচালনা বিৰুদ্ধে বাক্সাৰ শালবাৰীৰ কালপানীত এবিএমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে৷ লগতে নিহতৰ পৰিয়ালক ২০ লাখ আৰু আহতৰ ৫ লাখ টকা দিয়াৰ দাবী জনায়৷

গোৱালপাৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়াঃ গোৱালপাৰা জিলাৰ খাৰবোজাত গণতান্ত্রিক আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ গুলিচালনাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা আঞ্চলিক সমিতিয়ে৷ সমিতিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে নিহত লোকজনক প্ৰশাসন আৰু অসম চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণৰ দিয়াৰ উপৰি দোষী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ দাবী জনায়৷

ডিৱাইএফআইৰ গৰিহণাঃ গোৱালপাৰাত আন্দোলনকাৰীৰ ওপৰত পুলিচৰ বর্বৰ লাঠি চালনা আৰু গুলিচালনাৰ ঘটনাত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্র ক্ষোভ প্রকাশ কৰিছে। কমিটিয়ে সমগ্ৰ ঘটনাৰ কাৰণে আৰক্ষী প্ৰসাসনক জগৰীয়া কৰি এখ উচ্চ পৰ্ট্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে মৃত ইয়াকুব আলীৰ নিকট আত্মীয়ক আর্থিক সাহার্য আগবঢ়োৱাৰ বাবে অসম চৰকাৰক জনায়৷

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিক্ৰিয়াঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গোৱালপাৰাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ পৰিষদে সমগ্ৰ ঘটনাৰ  উচিত তদন্তৰ প্রয়োজনীয় পদক্ষেপ লোৱাৰ দাবী জনাইছে৷ অন্যথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰৰ হিটলাৰী শাসনৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷