নলবাৰী, ১ জুলাইঃ নলবাৰীত অমৰনাথ ভোলে সেৱা দলৰ উদ্যোগত এক বাইক ৰেলী উলিওৱা হয়৷ উক্ত ধৰ্মীয় বাইক ৰেলী শোভাযাত্ৰাৰ উদ্বোধন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক বসন্ত দাসে। উল্লেখ্য যে, অহা তিনি জুলাইত নলবাৰীৰ পৰা প্ৰায় ১০০ জনীয়া এটা দল ভোলে সেৱা কাৰণে কাশ্মীৰত থকা বৰফৰ লিংগ দৰ্শন কাৰণে ৰাওঁনা হ’ব ।