গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুলাইঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীয়ক জনজাতিকৰণ প্ৰদানৰ নামত কৰা প্ৰতৰণা বিৰুদ্ধে ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে সোমবাৰৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ উজনিৰ পৰা নামনিলৈকে দেখিবলৈ পোৱা যায়। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। উজনিৰ জিলা সমূহত বন্ধৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ পৰাৰ লগতে দোকান-পোহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন স্থানত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউ জিলাত টাই আহোম ছাত্ৰ-সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰাইদেউত প্ৰতিবাদকাৰী সকলে এক মটৰ চাইকেল ৰেলী উলিয়াইও প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ নকৰিলে যিদৰে ৰাজ্যৰ পৰা কংগ্ৰেছ চৰকাৰক উৎসাত কৰা হৈছিল সেই দৰে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনত বিজেপিক উৎসাত কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে , চলিত মাহৰ ২০ জুলাইত দিল্লীত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ছয় জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত এক আলোচনা হৈছিল যদিও এই আলোচনা সম্পূৰ্ণৰূপে বিফল হোৱাত ছয় জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল।