দৰঙ, সংবাদ ৩৬৫, ২২ জুলাই: ইটোৰ পিছত সিটো সফল অভিযানৰ লগতে আৰক্ষী আৰু জনসাধৰণৰ মাজত এক সুহ্ৰদ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে, দৰঙৰ এগৰাকী সফল আৰক্ষী অধীক্ষক জিৎ টিৰ । এখেতৰ তৎপৰতাত জিলাখনত ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে অপৰাধ মূলক কাৰ্যকলাপ।আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱানিশাও এক অভিযানত ৪ জন দুৰ্ধষ গৰ্ড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাতিৰ বিষয়ে সবিশেষ জনাবৰ বাবে আজি ১২ বজাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ উদ্দেশ্য তিনি দিন ধৰি বাঁহৰ পাতি আছিল এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দল । গোপন সূত্ৰৰ যোগেদি খবৰ লাভ কৰিছিল দৰং আৰক্ষীয়ে । এই সূত্ৰৰ যোগেদি দৰঙৰ ডি এছ পি(পি) এছ জে ৰয়, ডি এছ পি অমিত কুমাৰ হোজাইৰ নেতৃত্বত দলগাঁও থানাৰ সহযোগত পুৱতি নিশা অভিযান চলায়। অভিযানকালত দলগাওঁ থানাৰ অন্তৰ্গত কাচোমাৰি সোনাৰী গাঁৱৰ গড়ঁ হত্যাৰ মূল পৰিকল্পনাকাৰী নুৰ হুছেইন (৫০)ক অভিযানকাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নূৰৰ চিকাৰুক্তিৰ ভিত্তিত গড় হত্যাৰ পৰিকল্পনা কৰা সহযোগী একে গাঁওৰে আবুল হুছেইন(৪৫)কো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নুৰ হুছেইন আৰু আবুল হুছেইনক সোধা পোচ কৰাত দূৰ্ধষ চাফ ছুটাৰ হিচাপে ব্যৱহাৰ কৰা ডনিয়েল এবটমী(২৮)( ডিমাপুৰ) আৰু এলোৱা কৃপা(২৩) (নাগালেণ্ড) কো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নুৰ হুছেইনৰ ঘৰৰ পৰা ৩০৩ ৰাইফল দুটা, ৯ এম এম কাৰ্বন এটা, চাইলেন্সাৰ এটা আৰু ৩০৩ এমিনেচন ৪টা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চাৰিজনকে তিনি দিনৰ আৰক্ষীৰ জিম্মত লৈ সোধা পোচ অব্যাহত ৰাখিছে দৰং আৰক্ষীয়ে ।