সংবাদ ৩৮৫ ডেস্ক, ৮ ছেপ্তেম্বৰঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ৯১সংখ্যক ওপজা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্মদিন। অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলেয়ে বন্তি প্ৰজ্বলন কৰি সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷ সুধাকন্ঠৰ জন্মদিনত সুঁৱৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, ড° ভূপেন হাজৰিকাৰ আদৰ্শৰে আমি এক শক্তিশালী সমাজ নির্মাণ কৰিব লাগিব। গণশিল্পী গৰাকীয়ে জাতীয় জীৱনলৈ আগবঢ়োৱা অপৰিসীম অৱদানে আমাক সকলোকে আগবাঢ়ি যোৱাৰ বাবে অনুপ্রাণিত কৰিছে৷ ড০ ভূপেন হাজৰিকাৰ আদৰ্শৰে নতুন প্রজন্ম আগবাঢ়ি যাব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মিত ভূপেন হাজৰিকা সেঁতুৰ ওচৰত উত্তৰ-পূৱ সমন্বয় ক্ষেত্র নির্মাণ কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বৰ্ণাঢ্য সংস্কৃতি প্রতিফলিত হোৱাকৈ নির্মাণ কৰিবলগীয়া এই সমন্বয় ক্ষেত্ৰ ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ আধৰুৱা কাম অহা অক্টোবৰৰ ভিতৰত সম্পূর্ণ কৰাৰ কথাও উল্লেখ কৰে। আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগতো আজি ড° ভূপেন হাজৰিকাৰ ৯১সংখ্যক জন্মবাৰ্ষিকী আয়োজন কৰা হয়৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সাংস্কৃতিক বিভাগৰ সঞ্চালক, ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা প্রমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম বিধানসভাতো বিধায়কসকলৰ লগতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে সুধাকণ্ঠক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে সদনৰ কাম আৰম্ভ কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত সুধাকণ্ঠৰ ওপজা দিনৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে ১,০০০ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰা হয়৷