গৌৰীপুৰ, সংবাদ ৩৬৫, ২০ জানুৱাৰীঃ শনিবাৰে এক মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। শনিবাৰে পুৱা ৬.৪৪ বজাত অহা মৃদু ভূমিকম্পই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ ৰিখটাৰ স্কেলত ৪.৬ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ধুবুৰী জিলাৰ গৌৰিপুৰ৷ নিম্ন প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাই যদিও ঠাই বিশেষে একাংশ লোক আতংকিত হৈ পৰে৷ উল্লেখ্য যে, ভূমিকম্প প্লাৱন এলেকা হিচাপে পৰিগনিত উঃপূৱত শেহতীয়া ৩০ দিনত ৪ টা আৰু ৩৬৫ দিনত ২৭ টাকৈ সৰু বৰ ভূমিকম্পৰ জোকাৰনিৰ সৃষ্টি হৈছে।