জাগীৰোড, সংবাদ ৩৬৫, ২৩ মাৰ্চ : জাগীৰোডৰ মনহা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাতীউঠা গাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা। পুখুৰীত গা ধুবলৈ যাওঁতে একেটা চুবুৰীৰ তিনি গৰাকী কিশোৰীৰ পানীত পৰি হয় সলিল সমাধি ।

শনিবাৰে দুপৰীয়া সংঘটিত হয় এই কৰুণ ঘটনাটো । সলিল সমাধি ঘটা কিশোৰী তিনিগৰাকীৰ নাম কিৰণমণি ইংতি (১২) , পৰিস্মিতা ইংতি (১১) আৰু মনালিছা ইংতি (১১) । এই কৰুণ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

গাঁৱৰ স্থানীয় লোক এজনে কয় যে হাতীউঠা গাঁৱত পানীৰ অভাৱ , যাৰ ফলত পথাৰত থকা এটা পুখুৰীয়ে সকলোৱে পানীৰ অভাৱৰ কাৰণে ব্যৱহাৰ কৰে । সেই পুখুৰীতে সংঘটিত হয় এই কৰুণ ঘটনা । পুখুৰীত কিশোৰী কেইগৰাকী গা ধুবলৈ যাওঁতে ওচৰত নাছিল কোনো লোক , যাৰ ফলতে সংঘটিত হয় হৃদয় বিদাৰক ঘটনাটো।