নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : অসমৰ ৩১খন জিলাই এতিয়া বানৰ কৱলত । ৰাজ্যৰ লাখ লাখ মানুহ এতিয়া দিশহাৰা হৈ পৰিছে । ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বৰপেটা আৰু নলবাৰীলৈ ৰাওনা হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বানপিড়িত সকলোক সকলোধৰনৰ সহায় কৰিবলৈ প্ৰস্তুত বুলি জানিব দিয়ে । লগতে ৰাজ্যৰ প্ৰতিগৰাকী জিলা উপায়ুক্ত আৰু চক্ৰবিষয়াক বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে পৰিস্থিত বুজ লোৱাৰ লগতে বানৰ পৰিস্থিতিৰ সকলো তথ্য কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

আনহাতে আৰক্ষী প্ৰধান কুলধৰ শইকীয়াও ৰাইজৰ দুৰ্গতি সময়ত যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিখন আৰক্ষী থানাক সাজু হ’বলৈ নিৰ্দেশ দিয়ে । লগতে যোৱাবাৰৰ দৰে এইবাৰো কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বিশেষ বাহিনী মোটায়েন কৰা বুলি জানিবলৈ দিয়ে ।