গুৱাহাটী, ২৩ আগষ্টঃ অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু শিক্ষামূলক সংগঠন পিপ’লছ ফ্ৰেণ্ড ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজ্যৰ  ১২গৰাকী বিশিষ্ট সমাজ সেৱক তথা প্ৰসিদ্ধ ব্যৱসায়ীক গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্রেক্ষাগৃহত প্ৰজ্ঞা প্ৰেৰণা বঁটা প্ৰদান কৰা হয়৷ ফাউণ্ডেছনে প্ৰজ্ঞা প্ৰেৰণা বঁটা প্ৰদানেৰে সন্মানিত কৰা বিশিষ্ট ব্যক্তিসকল ক্ৰমে মনোজ বসুমতাৰী (কৃষি, গাহৰিফার্ম, তেজপুৰ), দিলীপ বৰুৱা (বস্ত্ৰশিল্প, গুৱাহাটী), পৱন কুমাৰ আগৰৱালা (তথ্য-প্রযুক্তিখণ্ডৰ উদ্যোগী, গুৱাহাটী), নেলী আহমেদ টনকীৰ (শিক্ষা, গুৱাহাটী), নন্দ সিং (সাহিত্য, গুৱাহাটী), সঞ্জীৱ নাৰায়ণ (মেডিয়া, গুৱাহাটী), ৰাজকমল গোঁহাই (কাগজৰ বেগ নির্মাতা, গুৱাহাটী), গোপাল জালান (হোটেল, সংস্কৃতি গুৱাহাটী), কিশোৰ দাস (ৰিয়েল ইষ্টেট, হাজো), বাণী কলিতা (উদ্যোগী, টিহু), বিষ্ণুৰাম নুনিছা (ক্রীড়া), আৰু অনিল ডেকা (প্রিন্টিং প্রেছ বিক্ৰী আৰু ছাৰ্ভিচ)। অনুষ্ঠানত পিপ’লছ ফ্ৰেণ্ড ফাউণ্ডেচনৰ উদ্যোগত বিগত কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা  প্ৰজ্ঞা প্ৰতিভা সন্ধানী পৰীক্ষাৰ বিজয়ী ছাত্ৰ ছাত্ৰী সকলকো বিশেষ পুৰস্কাৰৰে সন্মানিত কৰা হয়। ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত  মডেল বিধান সভা অনুষ্ঠিত কৰা হয়৷ উক্ত অনুষ্ঠানটো পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক ভূপেন ভট্টাচাৰ্যই৷