কলগাছিয়া,২৩ আগষ্টঃ বৰপেটাৰ জনীয়া সমষ্টিৰ তথা কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোত বানপানী কমিছে যদিও কিছুমান ঠাইত সোমাই অহা বানপানী ওখ ৰাস্তা আৰু মথাউৰিৰ ফলত ওলাই যাব নোৱাৰাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। যাৰ কাৰণে ভিতৰুৱা কেঁচা ৰাস্তা, বাম অঞ্চলত থকা বাসিন্দাৰ ঘৰ, বিদ্যালয় চৌহদত কৃত্ৰিম বানপানীয়ে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে। একেদৰে জনীয়া সমষ্টিৰ অন্তৰ্গত চান্দমামা আৰু খাতাৰটাৰীৰ বাটপথৰ লগতে পাঁচ খনকৈ বিদ্যালয় আৰু শতাধিক পৰিয়াল কৃত্ৰিম বানপানীৰ মাজত প্ৰায় এমাহ ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে কৃত্ৰিম বানত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত গাঁও দুখনৰ ছাত্ৰ ছাত্ৰীসকলে টুলুঙা নাও তথা কলগছৰ ভেলেৰে বিদ্যালয়ত অহা-যোৱা কৰিবলগীয়া হৈছে। চান্দমামা হাইস্কুল, চান্দমামা এমই স্কুল, চান্দমামা এলপি স্কুল, অংগনৱাড়ী কেন্দ্ৰ আৰু পেৰামাউন্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে দৈনিক পানীৰ মাজত নামি এক কদৰ্যময় পৰিৱেশত প্ৰাতঃসভা পালন কৰিবলগীয়া হৈছে। পাঁচখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী একগোট হৈ কৃত্ৰিম বানপানী আতৰাবলৈ প্ৰতিখন বিদ্যালয় চৌহদত আৰ্থফিলিং দিবলৈ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰ তথা প্ৰশাসন বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে খাতাৰটাৰী সমূহীয়া কৱৰস্থান, খেতি পথাৰ আৰু শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ একাঠুকৈ কৃত্ৰিম বানত জলবন্দী হৈ পৰিছে। গাওঁখনৰ নামনিত থকা পথত পানী ওলাই যাব পৰাকৈ এটা কালভাৰ্ট আছে যদিও স্থানীয় লোক এজনে কালভাৰ্টৰ মুখখন বন্ধ কৰি ৰখাত এই কন্দৰ্য্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে।