অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৩ আগষ্টঃ উত্তৰ প্ৰদেশৰ অৰেলিয়া জিলাত পুৱতি নিশা প্ৰায় তিনি বজাত ভয়াবহ ৰেল দুৰ্ঘটনা সংঘটিত হয়। দিল্লী অভিমুখে গৈ থকা কাইফিয়াত এক্সপ্ৰেছত এখন ডাম্পাৰে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰেল বিভাগৰ ফেন্সিং ভাঙি নিয়ন্ত্ৰণহীন ডাম্পাৰখনে খুন্দা মাৰে ৰেলখনত। দুৰ্ঘটনাটোৰ ফলত ৰেল খনৰ নটাকৈ ডবা লাইনচ্যুত হয় আৰু ২১ জন লোক নিহত হোৱাৰ লগতে শতাধিক যাত্ৰী আহত হয়৷ উল্লেখ্য যে, শনিবাৰে মুজফৰনগৰৰ খতোলী জিলাত উৎকল এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷ মাত্ৰ চাৰিদিনৰ পূৰ্বে উত্তৰ প্ৰদেশত দুটাকৈ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰেল বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে ৰেল এক্সপ্ৰেছ দুৰ্ঘটনাৰ নৈতিক দ্বায়িত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীক পদত্যাগ পত্ৰ দাখিল কৰে৷ আনহাতে ৰেলৱে বৰ্ডৰ অধ্যক্ষ অশোক মিট্টলেও ৰেলমন্ত্ৰী সুৰেশ প্ৰভুক পদত্যাগ পত্ৰ দাখিল কৰে৷