জোনমণি বেগম

বিশ্বনাথ

৫ মাৰ্চ

ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ। বিহালী সমষ্টিত চিপিআই (এম)ক প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশ বিহালীত। দল ত্যাগ কৰাৰ হুংকাৰ বহু কংগ্ৰেছ কৰ্মীৰ।

বিহালী সমষ্টিৰ মজদুৰ কংগ্ৰেছ, বিহালী যুৱ কংগ্ৰেছ, বিহালী মণ্ডল কংগ্ৰেছ আৰু বাঘমৰা মণ্ডল কংগ্ৰেছসহ বিহালী সমষ্টিৰ অন্তৰ্গত ১৭ টাকৈ পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে বিহালী সমষ্টিত। কংগ্ৰেছ আৰু চিপিআই (এম)ৰ মিত্ৰজোঁটৰ ফালৰ পৰা বিহালী সমষ্টিত চিপিআই (এম)ৰ প্ৰাৰ্থীক নিৰ্বাচন খেলাৰ বাবে টিকট প্ৰদানৰ নিশ্চিত কৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে। প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে কংগ্ৰেছৰ টিকট দাবীদাৰ প্ৰেমলাল গঞ্জুক শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ ভিতৰত টিকট প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কংগ্ৰেছৰ কৰ্মী সকলে পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰে। ইফালে বিশ্বনাথতো কংগ্ৰেছ দলৰ দলীয় টিকেট সঞ্জু বৰুৱাক প্ৰদান কৰাৰ কথা বিয়পি পৰাৰ লগে লগে বিশ্বনাথ কংগ্ৰেছতো তীব্ৰ অসন্তুষ্টি দেখা দিছে।

আনহাতে বিভিন্ন মহলৰ পৰা অহা খবৰ অনুসৰি বিশ্বনাথৰ পৰা সঞ্জু বৰুৱাৰ কংগ্ৰেছ দলৰ দলীয় টিকেট নিশ্চিত হ’লে বিশ্বনাথৰ পৰা দহ পোন্ধৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মী কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ দিছে। উল্লেখ্য যে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই যদিও বহু সমষ্টিত কংগ্ৰেছ কর্মী সকলৰ মাজত আসনৰ বুজা বুজিকলৈ অসন্তুতি দেখিবলৈ পোৱা গৈছে।