হাটশিঙিমাৰী

৪ মার্চ

অনুষ্ঠানিক ঘোষণাৰ পূৰ্বে হাটশিঙিমাৰীত টিকট পোৱাক লৈ কংগ্ৰেছীৰ মাজত উছৱ মুখৰ পৰিৱেশ। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ ফলত মানকাচৰত এআইইউডিএফৰ পৰিবৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা।

বিধানসভাৰ নিৰ্বাচনৰ বাবে মানকাচৰ সমষ্টিত কংগ্ৰেছৰ টিকট বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডলক প্ৰদান কৰাৰ কথা নিশ্চিত বুলি দাবী কৰি বৃহস্পতিবাৰে সন্ধিয়া দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছী সকলে এক সমদল উলিয়াই। কংগ্ৰেছ কর্মী সকলে কংগ্ৰেছ জিন্দাবাদ শ্ল’গানেৰে আনন্দ উল্লাস পালন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বৰ্তমানলৈকে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা কোনো প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও কংগ্ৰেছী সকলে মানকাচৰ সমষ্টিত বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডলক টিকট দিব বুলি দাবী উত্থাপন কৰিছে। জিলা কংগ্রেছৰ দাবী কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ ফলত মানকাচৰ সমষ্টি এআইইউডিএফৰ পৰিবৰ্তে কংগ্ৰেছক এৰি দিয়া হৈছে।

এতিয়া কেৱল মাত্ৰ অনুষ্ঠিত ঘোষণা বাকী আছে যদিও নিশাৰ ভিতৰতে আনুষ্ঠানিক ঘোষনা কৰাৰ সম্বাৱনা আছে। ইয়াকে লৈ মানকাচৰ সমষ্টিত এতিয়া কংগ্ৰেছী সকলে ফটকা ফুটাই আনন্দ উল্লাস পালন কৰাৰ লগতে এক শোভাযাত্ৰা উলিয়াই কংগ্ৰেছ জিন্দাবাদ শ্ল’গানেৰে হাটশিঙিমাৰীত আনন্দ উল্লাস পালন কৰা পৰিলক্ষিত হয়।