কুন্দন ভৰালী
নগাঁও
৩ মাৰ্চ

ৰূপহীহাটৰ ছাইদৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ’ল খেৰৰ মেজি। খেৰৰ মেজিৰ ওচৰত দুই শিশুৱে বিড়ি খবলৈ যোৱাত খেৰত অগ্নি সংযোগ ঘটে। ঘটনাৰ পিছতে পলায়ন কৰে শিশু দুটা।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছাইদৰীয়াত বুধবাৰে দুপৰীয়াৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ঘটনাত জুইত জাহ যায় খেৰৰ মেজি। দুটা শিশুৱে খেৰৰ মেজিৰ ওচৰত বিড়ি খাবলৈ যোৱাত মেজিত অগ্নি সংযোগ সংঘটিত হয়।মেজিখন দাওদাওকৈ জ্বলি উঠাত শিশু দুটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মেজিৰ জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত চূবুৰীটোৰ অৰ্ধশতাধিক পৰিয়ালৰ লোক আতংকিত হৈ পৰে।

স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱাত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ খেৰৰ মেজি জ্বলি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে।