নিউজ ডেস্ক : দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ১ লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। মৃত্যুৰ মুখত পৰিছে ৩২৭ জন ক’ভিড ৰোগী। ইফালে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন দ্ৰুত গতিত সংক্ৰমিত হৈ আছে দেশত। ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রনত আক্রান্ত হৈছে ৩ হাজাৰ ৬২৩ জন লোক।

দেশত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড মহামাৰীয়ে। পুনৰ দেশত বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা। কেন্দ্ৰিয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১ লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ এই ভয়াবহ সংক্ৰমণৰ মাজতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রনত আক্রান্ত হৈছে ৩ হাজাৰ ৬২৩ জন লোক।

আনহাতে দেশত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৩২৭জন ক’ভিড ৰোগী। যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত ৪০ হাজাৰ ৮৬৩ জন লোক সুস্থ হৈ উঠিছে। উল্লেখ্য যে নতুন বছৰৰ আৰম্ভণিৰ পৰাই দেশত ক’ভিড সংক্ৰমণৰ হাৰ অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সেইহে দেশত ক’ভিডৰ তৃতীয় ঢৌৰ আৰম্ভণি ঘটিছে বুলি আশংকা প্ৰকাশ কৰা হৈছে। ইফালে অ’মিক্রনত আক্রান্ত ৩ হাজাৰ ৬২৩ জনৰ ভিতৰত ১ হাজাৰ ৪০৯ জন লোক সুস্থ হৈ উঠিছে।

মহাৰাষ্ট্ৰত অ’মিক্রনত আক্রান্ত ১ হাজাৰ ৯ জন লোকৰ ভিতৰত ৪৩৯ জন লোক সুস্থ হৈ উঠাৰ সমান্তৰালভাৱে দিল্লীত ৫১৩ জনৰ ভিতৰত ৫৭ জন লোক সুস্থ হৈ উঠিছে। দেশৰ কেইবাখনো ৰাজ্যত অতি দ্ৰুত গতিত সংক্ৰমিত হৈছে ক’ভিড মহানগৰী। উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত ২০ হাজাৰতকৈও অধিক লোক ক’ভিডত আক্রান্ত হৈছে। দেশৰ অন্যান্য ৰাজ্য সমুহৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা।