ধুবুৰী : এইবাৰ অপৰাধীক লক্ষ্য কৰি ধুবুৰী আৰক্ষীৰ গুলী চালনা। ধুবুৰী আৰক্ষীৰ গুলী লাগি অহাত এজন অপৰাধী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে অপৰাধীজনৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। গুলীবিদ্ধ অপৰাধীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। প্ৰতিদিনে আৰক্ষীৰ বন্দুক গৰজি উঠিছে। প্ৰতিদিনে আৰক্ষীৰ গুলীত আহত হৈছে অপৰাধী। এইবাৰ ধুবুৰী আৰক্ষীৰ গুলীত অহাত হৈছে এজন ড্ৰাগছ তথা গৰু মাফিয়া। শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।

নিশাৰ ভাগত ধুবুৰী আৰক্ষীয়ে গুলী চালনা কৰে সহিদুৰ ৰহমান ওৰফে লান নামৰ এজন ড্ৰাগছ তথা গৰু মাফিয়াক লক্ষ্য কৰি। নিশা এজন আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে সহিদুৰ ৰহমান ওৰফে লান নামৰ ড্ৰাগছ তথা গৰু মাফিয়াৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰাত আহত হয় সহিদুৰ ৰহমান ওৰফে লান।

গুলীবিদ্ধ সহিদুৰ ৰহমান ওৰফে লানক নিশাই আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষী ড্ৰাগছ তথা গৰুৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে। ইয়াৰ মাজতো ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত একাংশ ড্ৰাগছ তথা গৰু মাফিয়াই ড্ৰাগছ আৰু গৰুৰ অবৈধ বেহা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।