ৰূপহীহাট : ৰাজ্যত পুনৰ এগৰাকী ৮ বছৰীয়া কন্যাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন বৃদ্ধৰ বিৰুদ্ধে। ৮ বছৰীয়া কন্যাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন ৫৮ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত।

ৰূপহীহাটত মানৱ সমাজক লজ্জানত কৰা এক জঘন্যকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী ৮ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৫৮ বছৰীয়া ইছাম উদ্দিন নামৰ বৃদ্ধৰ বিৰুদ্ধে। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ঔৱনাত এই ঘটনা সংঘটিত হৈছে।

ইছাম উদ্দিন নামৰ বৃদ্ধজনে এগৰাকী ৮ বছৰীয়া কন্যাক নিজ গৃহলৈ ফুচলাই নি ধৰ্ষণ কান্দ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ইছাম উদ্দিন নামৰ বৃদ্ধজনক ৰাইজে আটক কৰি ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়ে। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।