লাহৰিজান : লাহৰিজানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এখন টকাৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ১০ কোটি টকা মূল্যৰ হেৰ’ইন। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন। ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান।

ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ আসক্ত লোক।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান মূৰৰ কামোৰণী হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়া সকলৰ বাবে। অসম আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহ কৰা এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে। ইয়াৰ মাজতো ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি চেষ্টা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী সকলে।

ড্ৰাগছ সৰবৰাহৰ তেনে এক চেষ্টা চলাই পুনৰ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ এজন লোক। মঙলবাৰে পূব কাৰ্বি আংলংগ জিলাৰ লাহৰিজানত দিলাই আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে।

লাহৰিজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এনএল-০১-এএ-৫৮৪০ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই ট্ৰাকখনৰ পৰা ১১০ টা চাবোনৰ বাকচত মুঠ ১.৫ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে মণিপুৰৰ দীপক ছেত্ৰী নামৰ ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে ট্ৰাকখনে মণিপুৰৰ পৰা হেৰ’ইনখিনি কঢ়িয়াই আনি গুৱাহাটী অভিমুখে গৈ আছিল। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে ট্ৰাকখনৰ চালকজনক জেৰা চলাই আছে। উল্লেখ্য যে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো মণিপুৰৰ পৰা অসমলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে। পূৰ্বেও লাহৰিজানত আৰক্ষীৰ অভিযানত ড্ৰাগছ জব্দ হৈছিল।