গুৱাহাটী : মঙলবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ৮৩৭ জন লোক। মৃত্যুৰ হৈছে ২ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে মঙলবাৰৰ দিনটোত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪৪৯ জন।

ক্ৰমাৎ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যত ৫.৬৯ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। মঙলবাৰৰ দিনটোত ৰাজ্যত মুঠ ৪৯ হাজাৰ ৮৪০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২ হাজাৰ ৮৩৭ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ২ জন ক’ভিড আক্রান্ত লোক। মঙলবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪৪৯ জন। মঙলবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত।

৮৭০ জন লোক কামৰূপ মহানগৰ জিলাত মঙলবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে যোৰহাট জিলা। যোৰহাটত আক্রান্ত হৈছে ২১৫ জন লোক। ইয়াৰ পৰিবৰ্তে কাছাৰত ১৮৯ জন আৰু ডিব্ৰুগড়ত ১৭০ জন লোক আক্রান্ত হৈছে।

মৃত্যুৰ মুখত পৰা কভিড ৰোগী দুজনৰ ১ জন নালবাৰী জিলাৰ আৰু ১ জন শোণিতপুৰ জিলাৰ। সোমবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছিল ২ হাজাৰ ১৯৮ জন লোক। ইফালে সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কৰা হৈছে সুৰক্ষাসূচক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী।