আজাৰা : উৎকোচ লৈ পুনৰ হাতে লোতে ধৰা পৰিল এগৰাকী চৰকাৰী বিষয়া। মহানগৰীৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫০ হাজাৰ টকা উৎকোচলৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিল গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক। উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক গৰাকীৰ নাম হিতেশ ডেকা।

মহানগৰীৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫ হাজাৰ টকা উৎকোচ বিচাৰি হাতে লোতে ধৰা পৰিল হিতেশ ডেকা নামৰ এজন গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক। ৰাণীৰ অৰূপ দাস নামৰ এজন লোকে এজন আত্মীয়ৰ মৃত্যুৰ প্ৰমাণপত্ৰ বনাবলৈ ৰাণীৰ সামূহিক চিকিৎসালয়ত আৱেদন কৰিছিল। মৃত্যুৰ প্ৰমাণপত্ৰ বনোৱাৰ নামত অৰূপ দাসৰ পৰা চিকিৎসালয়খনৰ গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক হিতেশ ডেকাই দাবী কৰিছিল ৫ হাজাৰ টকা।

ইতিমধ্যে অৰূপ দাসে পুৰ্বেই ২ হাজাৰ টকা দিছিল স্বাস্থ্য নিৰিক্ষক হিতেশ ডেকাক। বাকী থকা ৩ হাজাৰ টকা লওঁতে হাতে লোতে ধৰা পৰে স্বাস্থ্য নিৰিক্ষক হিতেশ ডেকা। স্বাস্থ্য নিৰিক্ষক হিতেশ ডেকাৰ ঘৰ শুৱালকুছিৰ ৰাজগড়ত। স্বাস্থ্য নিৰিক্ষক হিতেশ ডেকাৰ লগতে একাংশ লোকে অভিযোগ দিছিল স্বাস্থ্য কেন্দ্ৰ দায়িত্বত থকা ৰূমা শইকীয়াৰ বিৰুদ্ধেও। কিন্তু এই সকলো অভিযোগ একেমুখে খণ্ডন কৰে ৰূমা শইকীয়াই।