কাজিৰঙা : কাজিৰঙাৰ বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ ১০ দিনীয়া গঁড়ৰ পোৱালি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীয়ে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে ১০ দিনীয়া গঁড়ৰ পোৱালিটোক। ভাদ মহীয়া বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উদ্যানৰখনৰ ১৫৩ টা বন শিবিৰ জলমগ্ন হৈ আছে।

ৰাজ্যৰ ২১ খনকৈ জিলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বানৰ কবলত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০ শতাংশ অঞ্চল ডুব গৈছে বাঢ়নী পানীত। ২২৩ টা বন শিবিৰৰ ১৫৩ টা বন শিবিৰেই জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ যিমানেই বৃদ্ধি পাইছে সিমানেই উদ্যানখনৰ ন ন ঠাই বাঢ়নী পানীত ডুব যাবলৈ ধৰিছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতিৰ ক্ৰমাৎ অধিক জটিল হৈ পৰাত নিৰাপদ স্থানৰ সন্ধানত উদ্যানখনৰ বন্যপ্ৰাণী সমূহে কাষৰীয়া কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণী সমূহে কাৰ্বি পাহাৰত আশ্ৰয় লৈছে। ইফালে গঁড়ৰ লগতে বনৰীয়া মহ, হাতী আৰু অনান্য বহু বন্যপ্ৰাণীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা ওখ ঠাই সমূহত আশ্ৰয় লৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ কৰ্তৃপক্ষই অধিক তৎপৰ হৈ পৰিছে। উদ্যানখনৰ ভিতৰত বানৰ কবলত পৰা বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ বাবে ২৪ ঘণ্টাই ব্যস্ত হৈ আছে বন কর্মী সকল। মঙলবাৰে উদ্যানখনৰ ভিতৰত বন কৰ্মীৰ এটা দলে ১০ দিনীয়া এটা গঁড়ৰ পোৱালিক বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে। মিহিমুখ বন শিবিৰ ওচৰত থকা ওখ ঠাই কাষতে গঁড়ৰ পোৱালিটোক উদ্ধাৰ কৰে বন কৰ্মীয়ে।

অতিকৈ দুৰ্বল অৱস্থাত উদ্ধাৰ হোৱা ১০ দিনীয়া গঁড়ৰ পোৱালীটোক কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বন্যপ্ৰাণী সমূহক সকলো সময়তে নিৰীক্ষণ কৰি আছে উদ্যান কৰ্তৃপক্ষই। কাৰ্বি পাহাৰলৈ ঢাপলি মেলাৰ সময়ত বন্যপ্ৰাণী যাতে পথ দুৰ্ঘটনাত পতিত হ’বলগীয়া নহয় ইয়াৰ বাবে বাহন সমূহৰ চলাচলৰ ক্ষেত্ৰত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।