আজিজ আলী
মুকালমুৱা : ৰাজ্যজুৰি ভাদ মহীয়া বানৰ তাণ্ডৱ। উজনি নামনিৰ ২১ খনকৈ জিলা বানৰ কবলত পৰিছে। এই ২১ খন জিলাৰ তিনি লক্ষাধিক লোক বান পানীৰ ফলত প্ৰভাৱিত হৈছে। নামনি অসমৰ নলবাৰী, বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীত।

Please subscribe our YouTube Channel and like Facebook page. 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দুকুৰিতকৈও অধিক গাঁও বানৰ পানীত প্লাবিত হৈছে। সমষ্টিতোৰ তিনিখন পাঞ্চায়ত ক্ৰমে কুৰিহামাৰী-বৰচুলিয়া, ভাংনামাৰী আৰু কালাৰচৰ পঞ্চায়ত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীৰ পানীত জলমগ্ন হৈ পৰিছে। তিনিওখন পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ঘৰ-দুৱাৰ বানৰ পানীত ডুব যোৱাত তিনিখনকৈ পঞ্চায়তৰ দুকুৰিতকৈও অধিক গাঁৱৰ লোক আশ্ৰয়হীন হৈ পৰিছে। বাঢ়নী পানীত ঘৰ ডুব যোৱাৰ প্ৰয়োজনীয় কিছু সামগ্ৰী লগত লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোকে। বহু লোকে পথৰ কাষতে আশ্ৰয় লবলৈ বাধ্য হৈছে। পোহনীয়া জীৱ জন্তুৰ লগত একেলগে একেখন তিৰপালৰ তলত সহবাস কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজ।

সমষ্টিতোৰ তিনিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪৩ খন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত প্ৰায় ষাঠি হাজাৰ লোক প্ৰভাৱিত হৈছে। বিশুদ্ধ খোৱা পানীৰ লগতে এসাজ আহাৰৰ বাবে বিভিন্ন ঠাইত বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। ইফালে সমষ্টিতোৰ চৰাঞ্চলত বান পানীৰ লগতে গৰাখহনীয়াই ভূতৰ ওপৰত দানৱ পৰা দি পৰাত দৈনিক বহু পৰিয়াল গৃহহীন হৈছে।

বহু লোকে নাৱৰ অভাৱত নিজৰ ঘৰ স্থানান্তৰ কৰিব নোৱাৰাৰ ফলত চকুৰ সন্মুখতে নিজৰ আপোন ঘৰখন নদীৰ বুকুত জাহ যোৱাৰ ভয়াবহ দৃশ্য প্ৰত্যক্ষ কৰিছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্তই ইতিমধ্যে ততাতৈয়াকৈ বান আৰু খহনীয়া প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক নিৰাপদ ঠাইলৈ নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে দমকল যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।