গুৱাহাটী : ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা শিথিল কৰিছে। বৃহস্পতিবাৰে চৰকাৰে ঘোষণা কৰা নতুন এছ অ’ পিত শিক্ষানুষ্ঠানত পাঠদান পুনৰ আৰম্ভ কৰাৰ লগতে ১০০ শতাংশ যাত্ৰীৰে আন্তঃজিলা আৰু অন্তঃজিলা যাতায়ত পুনৰ মুকলি কৰিছে। অৱশ্যে নতুন এছ অ’ পিত শিথিলতা প্ৰদান কৰিলেও কিছু বিশেষ নীতি-নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক।

চৰকাৰে নতুন এছ অ’ পিত শিক্ষানুষ্ঠানত পুনৰ পাঠদান আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাতে পাঠদান পৰ্ব পুনৰ মুকলিৰ অনুমতি প্ৰদান কৰিছে। নতুন এছ অ’ পি অনুসৰি একোটা শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগিব।

স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব।

অহা ৬ ছেপ্টেম্বৰৰ পৰা পাঠদান পুনৰ আৰম্ভ হ’ব গতিকে বৃহস্পতিবাৰৰ পৰা শনিবাৰ পৰ্যন্ত শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ১৮ বছৰ ঊৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰিব লাগিব। ইয়াৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতা আৰু বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ লগতে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল মুকলিৰো অনুমতি প্ৰদান কৰা হৈছে নতুন এছ অ’ পিত।

নতুন এছ অ’ পিত বিশেষ নীতি-নিৰ্দেশনা অনুসৰি আন্তঃজিলা আৰু অন্তঃজিলা যাতায়ত মুকলি কৰি দিয়া হৈছে। সকলো চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহনৰ বাছত ১০০ শতাংশ যাত্ৰীসহ যাতায়তৰ অনুমতি প্ৰদান কৰা হৈছে যদিও আসনৰ সংখ্যাৰ অতিৰিক্ত যাত্ৰী থিয় কৰি বাহন সমূহে যাতায়ত কৰিব নোৱাৰিব। যাত্ৰী থিয় কৰি নিয়া বাহনত থিয় হৈ যাত্ৰা কৰা যাত্ৰীৰ লগতে বাহনখনৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে বাহনখনৰ চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

আন্তঃজিলা আৰু অন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত যাত্ৰী সকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। বছৰ লগতে অন্যান্য সকলো বাহনত ১০০ শতাংশ যাত্ৰী যাতায়ত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও চালক আৰু যাত্ৰী সকল কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক। ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এজন লোকে যাত্ৰা কৰিলেও মাস্ক পৰিধান কৰিব লাগিব। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন বলবৎ থাকিব। অৱশ্যে সান্ধ্য আইনৰ মাজতো নৈশ বাছ চলাচল কৰিব পাৰিব।

ইফালে বর্তমানলৈকে এপালিও ক’ভিড প্ৰতিষেধক নোলোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব। প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী-বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰি বিষয়া-কৰ্মচাৰীসকলে তিনি দিনত ভিতৰৰ ক’ভিড প্ৰতিষেধক লৈছে নে নাই সুনিশ্চিত কৰিব লাগিব। আনহাতে দোকান-বজাৰ নিশা ৮.০০ বজালৈ মুকলি ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত এপালি ক’ভিড প্ৰতিষেধক লোৱা ৫০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব।

সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব আৰু জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি, অনুষ্ঠানৰ ক্ষেত্ৰত কমেও এপালি ক’ভিড প্ৰতিষেধক লোক সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহত অথবা আৱদ্ধ কক্ষত আয়োজিত অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। বিবাহ, সকাম আৰু অন্যান্য ঘৰুৱা মাংগলিক অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা ৫০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব। আনহাতে অন্তিম সৎকাৰত সৰ্বাধিক ৫০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।

ধৰ্মীয়স্থান সমূহ ক’ভিড প্ৰতিষেধক লোৱা লোক সকলৰ বাবেহে মুকলি থাকিব। গুৱাহাটীৰ কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কাত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি প্ৰদান কৰাৰ বিপৰীতে আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত প্ৰতি ঘণ্টাত ২০ গৰাকী লোকৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।

স্থানীয় প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী তথা আনুসংগিক নিয়ম অনুসৰি সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টীয়া শ্বিফ্টৰ ব্যৱধানেৰে মুকলি কৰাৰ অনুমতি প্রদান কৰা হৈছে। ক’ভিড প্ৰতিষেধক এপালিহে লোৱা বা এপালিও নোলোৱাকৈ থকা বিমানযাত্ৰীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। দুপালি প্ৰতিষেধক নোলোৱা বিমানযাত্ৰীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি-পিচিআৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।