গুৱাহাটী : মহিলা আৰক্ষী বিষয়াৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১০ লাখ টকা। পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে মহিলা আৰক্ষী বিষয়াৰ ধনৰ বেগ। পে’ট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিল মহিলা আৰক্ষী বিষয়া গৰাকী। পূৰ্বৰ পৰাই পে’ট্ৰল পাম্পত পালচাৰ বাইকত ৰৈ আছিল দুৰ্বৃত্ত।

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লাখ টকা। সাধাৰণ লোকৰ পৰা নহয়, দুৰ্বৃত্তই ১০ লাখ টকাৰ বেগ কাঢ়ি নিয়ে মহিলা আৰক্ষী বিষয়াৰ হাতৰ পৰা। কাহিলিপাৰাৰ এটা পে’ট্ৰল পাম্পত তেল ভৰাবলৈ যোৱাৰ মহিলা আৰক্ষী বিষয়াৰ হাতৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে টকাৰ বেগ।

শুকুৰবাৰে দিনৰ ভাগত এগৰাকী মহিলা আৰক্ষী বিষয়া বেংকৰ পৰা ১০ লাখ টকা উঠাই কাহিলিপাৰাৰ পে’ট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিল। পে’ট্ৰল পাম্পত পূৰ্বৰে পৰা পালচাৰ বাইকত থকা দুই দুৰ্বৃত্তই মহিলা আৰক্ষী বিষয়া গৰাকীৰ হাতৰ পৰা ১০ লাখ টকা থকা বেগখন কাঢ়ি পলায়ন কৰে।

ডকাইতিকাণ্ডৰ সমগ্ৰ ঘটনা পে’ট্ৰল পাম্পৰ চি চি টিভি কেমেৰাত আৱদ্ধ হৈছে। আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ সফলতা লাভ কৰা নাই। দিন দুপৰতে এগৰাকী আৰক্ষী বিষয়াৰ হাতৰ পৰা এইদৰে দুৰ্বৃত্তই ধন লুটি নিয়া ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।