কলগাছিয়া : কলগাছিয়াৰ ভেৰাগাঁৱত দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৯ টাকৈ পেকেটত ১০৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ। ড্ৰাগছ সৰবৰাহকাৰী দুজন জনীয়াৰ জেহেৰুল ইছলাম ওৰফে জাকিৰ হুছাইন আৰু আবুছামা।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তথা সৰভোগ আৰু কলগাছিয়া থানাৰ সীমান্ত এলেকা ভেৰাগাঁৱৰ পৰা বৃহস্পতিবাৰে নিশা ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে কলগাছিয়া আৰক্ষীয়ে। কলগাছিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নিশা প্ৰায় তিনি বজাত অভিযান চলাই ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে জেহেৰুল ইছলাম আৰু আবুছামা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা কেইবা লক্ষাধিক টকা মূল্যৰ ৯ টাকৈ ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে। এই অবৈধ ব্যৱসায়ৰ লগত খৰিচালা বজাৰৰ ফজল প্লাষ্টিক নামৰ আন এজন ব্যক্তি জড়িত থকা বুলি মন্তব্য কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনে। বিগত দুমাহ ধৰি এই ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আছে বুলিও জানিবলৈ দিয়ে।