কলগাছিয়া : অভয়াপুৰী-জনীয়া-বৰপেটা হৈ আমিনগাঁও সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতি বেকী নদীৰ প্ৰবল গৰাখহনীয়াই সৃষ্টি কৰিছে তীব্র ভাবুকিৰ। ঠায়ে ঠায়ে বেকী নদীয়ে খহাই নিছে ৰাজ্যিক ঘাইপথ। ৰাজ্যিক ঘাইপথেৰে গধুৰ বাহনৰ চলাচল বন্ধ কৰি দিলে প্ৰশাসনে।

কলগাছিয়া ৰাজহ চক্ৰৰ মাজেৰে বৈ যোৱা বেকী নদীয়ে কেইমাহ মান পূৰ্বে গতিপথ সলনি কৰি কাউৰজাহী গাঁৱৰ উজনিত পশ্চিম ফালেদি ওলাই আহি কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰী, সুতিৰপাথাৰ আৰু শওপুৰ গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ খহাই নিয়াৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁওলৈ যোৱা ৰাজ্যিক বিকল্প ঘাইপথত খহনীয়াৰ সৃষ্টি কৰিছে। প্ৰশাসনে জিঅ’ বেগ ব্যৱহাৰ কৰি বেকী নদীৰ গৰাখহনীয়া সাময়িকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে যদিও ই বিশেষ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাই।

বেকী নদীৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিকল্প ৰাজ্যিক ঘাইপথৰ লগতে চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। জনীয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু পূৰ্বৰ দুবাৰৰ বিধায়ক বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেক বেকী নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে বাবেই আজি বিকল্প ৰাজ্যিক ঘাইপথটোৰ প্ৰতি ভাবুকি আহি পৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।